অমৰ মৃতক দিৱস বিশেষ ২০২২

অমৰ মৃতক দিৱস বিশেষ ২০২২

‘অমৰ মৃতক’ দিৱস উপলক্ষে উচ্চতম পৰিষদৰ মাননীয় সভাপতি মহাশয়ৰ বক্তব্যঃ-

“সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে অদম্য সাহস আৰু নিভাঁজ দেশপ্ৰেমৰ অনুপম নিদৰ্শন দাঙি ধৰা আজিৰ এই ‘অমৰ মৃতক’ দিৱসৰ ৰক্ত ৰঞ্জিত পৱিত্ৰ দিনটোত প্ৰতিগৰাকী ‘অমৰ মৃতক’ৰ আত্মবলিদানক কৃতজ্ঞতাৰে সুঁৱৰি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। সোণ-সেৰীয়া বুৰঞ্জীয়ে হাতবাউলি ৰিঙিয়াই থকা অসমৰ আজন্ম ৰাজনৈতিক অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ হকে, অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ ধ্বজা উৰুৱাবলৈ অনিৰ্বাণ প্ৰতিৰোধী মুক্তি বিপ্লৱত শতুৰুৱে কাঢ়ি লৈ যোৱা শত-শত বীৰ অসম সন্তানৰ গৌৰৱান্বিত পিতৃ-মাতৃ তথা পৰিয়াল-পৰিজনক সমবেদনা জ্ঞাপন কৰাৰ লগতে চিৰঘূণীয়া হৈ দুৰ্বিষহ জীৱনৰ নিকৰুণ বাস্তৱতাক মানি সত্য জয়ৰ বাবে অপেক্ষাৰত সকলৰ আশু আৰোগ্যৰ কামনা কৰিলোঁ। এই সুবাদতে যুদ্ধবাজ ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনীয়ে অন্যায় তথা স্বৈৰাচাৰীভাৱে যিসকল মুক্তিকামী জনগণক অসমৰ বিভিন্ন কাৰাগাৰত আজিকোপতি বন্দী কৰি ৰাখিছে, তেওঁলোকলৈ সহমৰ্মিতা জনাই বিনাচৰ্তে মুক্তিৰ দাবী কৰিছোঁ।

২৭ জুলাই, এই গৌৰৱোজ্জ্বল দিনটো অসমৰ বিপ্লৱী বুৰঞ্জী তথা জাতীয় জীৱনৰ বাবে এটা মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈ ৰ’ব। বছৰেকীয়া সংকল্প তথা অম্লান অৱদানৰ স্মৃতি বিজড়িত এনে এটা বিমল ক্ষণত আমাৰ ঐতিহাসিক দায়িত্ব পালনত পুনৰবাৰ সামূহিক প্ৰতিশ্ৰুতিবদ্ধতা- “আমৃত্যু পৰ্য্যন্ত স্বদেশ-স্বজাতিৰ মহান স্বাৰ্থত নিবেদিত প্ৰাণ হৈ অৰ্পিত দায়িত্ব কঢ়িয়াম।” সেই প্ৰত্যয় ভৰা দৃঢ়তা প্ৰতিগৰাকী সহযোদ্ধাই শিলৰ ৰেখা বুলি গণ্য কৰোঁ। সেয়েহে, ‘অমৰ মৃতক’ৰ সৰ্বোচ্চ ত্যাগ আৰু অতুলনীয় কৰ্মৰাজিৰ পূৰ্ণতা আনিবলৈ সংগঠনৰ তেজাল প্ৰবাহ উত্তাল তৰংগ হৈ চাৰি পীঠ বিয়পাব লাগিব।

যোৱা ইংৰাজী ০১/০৭/২০২২ তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰ মাজগাঁৱত আশ্ৰয় গ্ৰহণ কৰি থকা অৱস্থাত ভাৰতীয় দখলদাৰী ১৪ নং আছাম ৰেজিমেন্ট আৰু অসম আৰক্ষীৰ যুটীয়া বাহিনীয়ে কৰা নিৰ্বিচাৰ গুলী চালনাত আমাৰ নিষ্ঠাবান সহযোদ্ধা এগৰাকী ‘অমৰ মৃত্যুক’ বৰণ কৰিব লগা হয়। যি সময়ত ক’ভিড- ১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমকো কোবাই থকাৰ মাজতে হাজাৰ-হাজাৰ থলগিৰি কৃষিজিৱী পৰিয়াল বানপানী আৰু নদীৰ খহনীয়াত ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈ বৰ্ণনাতীত দুখ-দুৰ্গতিৰে অঘৰী জীৱন কটাইছে; আনহাতে, ভূতৰ ওপৰত দানহৰ দৰে অত্যাৱশ্যকীয় খাদ্য-পণ্যৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জীৱন-জীৱিকাত নেতিবাচক প্ৰভাৱ পেলাইছে। এনে আপদকালত পীড়িত জনগণৰ কাষত থিয় দিবলৈ অসমৰ্থ ৰাষ্ট্ৰই কিন্তু চলে-বলে-কৌশলে থলগিৰিৰ সম্পদ লুণ্ঠণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে। ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই যে জনস্বাৰ্থৰ প্ৰতি সম্পূৰ্ণ উদাসীন আৰু অসম-ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধান কৰাৰ ক্ষেত্ৰত আন্তৰিক সদিচ্ছাৰ অভাৱ; বৰং বৃহৎ দখলৰক্ষী বাহিনীৰ জৰিয়তে পাশৱিক অত্যাচাৰ-উৎপীড়নৰ লগতে আমোলাতান্ত্ৰিক ব্যৱস্থাৰে অসমত শোষণ-শাসন দীৰ্ঘস্থায়ী কৰাতহে আগ্ৰহী সেইটো প্ৰতিপন্ন কৰে। আনকি এইখন অসম মুলুকত জাতিৰ ঐতিহ্য-গৰিমা জলাঞ্জলি দি নিজৰ ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰৰ হৈ স্তাৱকৰ ভূমিকা লোৱা লোকৰ সংখ্যাও কম নহয়।

অসমৰ মুক্তিকামী জনগণে অমৰ মৃতক প্ৰত্যক্ষ কৰিছে যে, সমসাময়িক সংগ্ৰামী বুৰঞ্জীত থলগিৰিয়ে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি কৰা ন্যায্য সংগ্ৰাম ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰই হয় দমন-দলনেৰে নিঃশেষ কৰিছে; নহ’লে সংগ্ৰামী নেতৃত্বক নানা প্ৰলোভনেৰে প্ৰলোভিত কৰি ন্যায্য অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম সমূহক থান্‌-বান্‌ কৰিব বিচাৰিছে। এইক্ষেত্ৰত আমাৰ দ্ব্যৰ্থহীন ঘোষণা, অসমৰ ‘সন্মিলিত জাতীয় মুক্তি বিপ্লৱ’ যিহেতু কাৰো বাবে কল্পনাবিলাস, সংস্থাপনৰ উপায় নতুবা স্বাৰ্থন্বেষী নেতা-কৰ্মীৰ ৰাজনৈতিক কচৰৎ নহয়। প্ৰকৃত বিপ্লৱীয়ে শৰীৰৰ ৰন্ধে ৰন্ধে প্ৰবাহিত ৰক্ত কেতিয়াও অৱনমিত কিম্বা কলুষিত হ’ব নিদিয়ে। এগৰাকী ‘অমৰ মৃতক’ৰ কবিতাৰ উদ্ধৃতিৰে আমিও কওঁ- “অন্যায়ৰ ওচৰত ন্যায়ৰ প্ৰস্তাৱনা স্বাভাৱিকতেই নিষিদ্ধ। এই নিষিদ্ধকৰণে হাৰ মনাব পৰা নাই বুৰঞ্জী৷ বুৰঞ্জী জীৱন্ত, অপ্ৰতিৰোধ্য। আমিবোৰ-  বুৰঞ্জীৰ গতি। সাহসেৰে আমি জীয়াই ৰাখিম ন্যায়ৰ নিষিদ্ধ প্ৰস্তাৱনা।”

থলগিৰিৰ সন্ধিক্ষণৰ কালছোৱাত নৱপ্ৰজন্মৰ যিসকল অসম সন্তানে বিপ্লৱী চেতনাত উদ্বুদ্ধ হৈ অশেষ বাধা-বিপত্তি ওফৰাই স্বাধীনতাৰ সেনানী হিচাপে নিজ নিজ জাতীয় দায়িত্ব পালনৰ হেতুকে মুক্তি বিপ্লৱত সেৱাৰ মানসিকতাৰে অধ্যৱসায় কৰিছে; তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমাৰ বিনম্ৰ অনুৰোধ- “পৰিয়ালৰ মায়া-মোহ, সুখ-স্বাচ্ছন্দ্যত নিমজ্জিত থাকি বা কেবল কন্দা-কটা শুনি শত্ৰু ভাৰত ৰাষ্ট্ৰই অসমৰ ‘স্বাধীনতা’ ঘূৰাই নিদিয়ে। শত্ৰুয়ে নিপীড়িত জাতিৰ হা-হুমুনিয়াহ, ক্ৰন্দন শুনি ন্যায্যপ্ৰাপ্য অধিকাৰ ঘূৰাই দিয়াৰ উদাহৰণ পৃথিৱীৰ ক’তো নাই। বৰং এই কথা বাৰে বাৰে প্ৰমাণিত হৈছে যে যিবোৰ অৱদমিত জাতিয়ে আনৰ প্ৰদানত হৈ আছিল, তেওঁলোকে স্বাধীনতা সাব্যস্ত কৰিছে সশস্ত্ৰ মুক্তি বিপ্লৱ, সংগ্ৰাম নতুবা বিদ্ৰোহৰ জৰিয়তে। গতিকে যোৱা বিয়াল্লিশ বছৰে জিঘাংসু ৰাষ্ট্ৰযন্ত্ৰৰ চৰিত্ৰই উদঙাই, তেজৰ বিনিময় অবিহনে স্বাধীনতাৰ সোণোৱালী সুদিন পোখা মেলিব যে নিদিয়ে; ই ধুৰুপ। ঈপ্সিত লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ সংগঠনে কলিজাৰ কেঁচা তেজ ঢালি আহিছে আৰু প্ৰয়োজনত অধিক ঢালিবলৈ প্ৰস্তুত।

এইখিনিতে বৰেণ্য কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ ‘ৰঙামুৱা বীৰ’ কবিতাটিৰ এফাঁকি উল্লেখ কৰিব বিচাৰিছোঁ-

অ’ ৰঙামুৱা, দুখুনী বাঁৰীৰ, এটি আঁচলৰ ধন,

তথাপি লাগিব, যুঁজলৈ যাব, থৌকি বাথউ মন।

উঠ ৰঙামুৱা, ফেহুজালি দিলে, শুবৰ সময় নাই,

দা-যাঠি লৈ, যা লৰালৰি, বেগেতে এমুঠি খাই।

ৰাতিতে যঁতাই, থৈছোঁ কৱচ, পিন্ধিব পাৰিবি তই,

মানৰ যুঁজত, পিতাৰো ঢুকাল, যুঁজলৈ কিহৰ ভয়!

ওপৰোক্ত কবিতা ফাঁকিৰ তাৎপৰ্য্য আৰু প্ৰাসংগিকতাক আজিৰ নিষ্ঠুৰ বাস্তৱতাই নেওচা দিব নোৱাৰে। সেয়েহে, বীৰযোদ্ধা সকলৰ চানেকিক সাৰোগত কৰি ভাৰতীয় ঔপনিৱেশিকতাৰ বিৰুদ্ধে আকৌ এবাৰ শৰাইঘাটৰ ৰণৰ অংশীদাৰ হ’বলৈ থলগিৰিৰ হৃদয়ত নিষ্কলুষ স্বদেশানুৰাগ জাগৰিত হওক! যাতে আপোনালোকৰ সতি-সন্ততিয়ে জাতি-মাটিৰ সুৰক্ষিত ভৱিষ্যতৰ ভেটি সুদৃঢ় তথা গৰিমা চিৰ যুগমীয়া কৰাত স্বেচ্ছাই ভূমিকা পালন কৰি দেশপ্ৰেমৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হয়। বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা নজহা-নপমা জাতিৰ মহীয়সী আই-মাতৃ সকলৰ শৌৰ্য্য-বীৰ্য্য, দক্ষতা, অম্লান ত্যাগ আৰু মমতাই জগত জিনিছিল। আজিও তাৰ ব্যতিক্ৰম নহ’ব বুলি আমি অন্তকৰণে অনুভৱ কৰোঁ। “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনত নৱপ্ৰজন্মৰ প্ৰতিনিধিৰ অন্তৰ্ভূক্তি আৰু তেওঁলোকৰ দেশাত্মবোধ, ত্যাগ, সাহস তথা লৌহ কঠিন দৃঢ়তাৰ ওপৰতে নিৰ্ভৰ কৰিছে থলগিৰি জাতি-জনগোষ্ঠীৰ ভৱিষ্যৎ।

CATEGORIES

COMMENTS

Wordpress (0)
Disqus ( )
Secured By miniOrange
Visitors: 320