উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথাকথিত ৭৬তম স্বাধীনতা দিৱস বৰ্জন কৰক
১৫ আগষ্ট উপনিৱেশিক ভাৰতৰ ভুৱা ‘স্বাধীনতা দিৱস’ উদযাপনৰ প্ৰতিবাদত এন এছ চি এন/জি পি আৰ এন আৰু “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ যৌথ বিবৃতি :
কভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে আমাৰ পশ্চিমা-দক্ষিণ পূব এছিয়া অঞ্চলৰ আৰ্থ-সামাজিক দিশত কোঙা কৰাৰ উপৰিও এনে সময়তে হাজাৰ হাজাৰ থলগিৰি কৃষিজীৱি পৰিয়াল বানপানী আৰু ভূমিস্খলনত ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হৈ সীমাহীন দুখ-দুৰ্গতিৰে অঘৰী জীৱন কটাইছে, দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি আত্মহত্যা পৰ্য্যন্ত কৰিছে তথা মানৱ সম্পদৰ যথোপযুক্ত ব্যৱহাৰ নোহোৱাৰ বাবে অপচয় হৈছে মানৱ সম্পদ, আত্মসন্মান আৰু মৰ্য্যদা সহকাৰে জীয়াই থকাটো এতিয়া সুদূৰ পৰাহত; আনহাতে ভূতৰ ওপৰত দানহৰ দৰে থলগিৰি আজি ঋণৰ জালত পৰি, জিএছটিৰ কেঁকোৰা চেঁপাত, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে এশ এবুৰি সমস্যাত তথাকথিত স্বাধীনতাৰ ৭৫ বছৰৰ পাছটো কক্বকাইছে। সৰ্বসাধাৰণৰ জীৱনশৈলী নিম্নগামীৰ এনে আপদকালত পীড়িত জনগণৰ কাষত থিয় দিবলৈ অসমৰ্থ ৰাষ্ট্ৰই ১৫ আগষ্টত, ইয়াৰ ৭৬সংখ্যক তথাকথিত ‘স্বাধীনতা দিৱস’ উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাৱে অপ্রাসংগিক আৰু মূল্যহীন।
১৯৪৭ চনৰ ১৫ আগষ্টত বৃটিছে ইয়াণ্ডাবু চুক্তিৰ জৰিয়তে পশ্চিমা-দক্ষিণ পূব এছিয়া অঞ্চলত অবৈধ কতৃত্ব বাহাল ৰাখি তেওঁলোকৰে এচাম অনুগতৰ হাতত ক্ষমতা হস্তান্তৰ কৰিলে। ফলস্বৰূপে আৰম্ভ হ’ল পৰাধীনতাৰ নতুন এক ক’লা অধ্যায়। ১৮২৬ চনৰ ঠিক পাছৰে পৰা এই ভূখণ্ডৰ স্বাধীন সার্বভৌমত্ব পুনৰ উদ্ধাৰৰ বাবে প্ৰতিৰোধী ‘জাতীয় মুক্তি বিপ্লৱ’ৰ বলিষ্ঠ আৰু নিৰৱচ্ছিন্ন ধাৰা আজিও অব্যাহত আছে। কিয়নো, গৰিমামণ্ডিত বুৰঞ্জীৰে সমৃদ্ধ এখন সুকীয়া ভূমিখণ্ড আৰু পৰিচয়ৰ অদমনীয় থলগিৰি জনগণে কাৰো ওচৰত বৈশ্যতা স্বীকাৰ কৰি নলয় । ভাৰতীয় দখলদাৰী বাহিনী সমূহে ইয়াৰ থলগিৰিৰ ওপৰত কৰা আচাৰ-আচৰণ আৰু যুদ্ধবাজ ৰাষ্ট্ৰই বছৰ বছৰ ধৰি অব্যাহত ৰখা অমানৱীয় দমন-দলনে থলগিৰিৰ স্বকীয়তা উদ্ধাৰৰ মৰণপন যুঁজক অধিক ন্যায্যতা প্রদান কৰি আহিছে। যিহেতু এই ভূখণ্ড স্বাধীন সার্বভৌমত্ব জাতি-জনগোষ্ঠীৰ সমূহীয়া অধিকাৰ, গতিকে ভূমিপুত্ৰ সকলে নিজৰ আজন্ম অধিকাৰৰ সুৰক্ষা বিচৰাটো কেতিয়াও অন্যায় হ’ব নোৱাৰে। সেয়েহে এই অঞ্চলৰ লগত ভাৰতৰ ৰাজনৈতিক সংঘাতৰ প্ৰাণকেন্দ্ৰই হ’ল, ইয়াৰ স্বাধীন সার্বভৌম জীয়া বুৰঞ্জী আৰু দশক দশক ধৰি উপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ শাসন-শোষণৰ অৱধাৰিত পৰিণতি।
আমি যদি আমাৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ কিম্বা জাতি-মাটি-ভেটিৰ স্বাৰ্থক জলাঞ্জলি দি উপনিৱেশিক ৰাষ্ট্ৰৰ ওচৰত শিৰ-নত কৰোঁ তেন্তে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱশিষ্ট থাকিব কি ? সাম্প্রতিক সন্ধিক্ষণত এই অঞ্চলৰ মুক্তিকামী জনগণে বুজা উচিত, স্বতন্ত্ৰ সত্তাৰ অধিকাৰী জাতি-জনগোষ্ঠীসমূহক নিঃশেষ বা বশ কৰিবলৈ বৈৰী শক্তিয়ে সৰ্বতোপ্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু তেওঁলোকৰ আঙুলিৰ ঠাৰত পুতলাৰ দৰে নাচি খাল খান্দি ঘঁৰিয়াল চপাব নিবিচৰাটো সমীচিন হ’ব; সেইকথা উপলব্ধি কৰাত ভুল কৰিলে নহ’ব। ১৯৫১ চনৰ গণভোটত ৯৯শতাংশ নাগাই পূর্ণ স্বাধীনতাৰ পোষকতা কৰিছিল। আনকি ১৯৫২ চনৰ উপনিৱেশিক ভাৰতৰ প্ৰথমটো নিৰ্বাচন বৰ্জন কৰি বিশ্বৰ বুকুত নিজৰ সুকীয়া পৰিচিতি দাঙি ধৰিবলৈ সক্ষম হৈছিল। আমাৰ দৃঢ় বিশ্বাস এইক্ষেত্ৰত নৱপ্ৰজন্মৰ প্ৰতিনিধিসকল পূর্বজ সকলতকৈ অধিক সচেতন, সজাগ আৰু ঐতিহাসিক দায়িত্বৰ প্ৰতি জাগৰিত। সেয়ে নিজৰ মাতৃভূমিক দখলদাৰী ভাৰতীয় শাসকৰ দাসত্বলৈ ঠেলি দি নিজৰ ভৰিত কুঠাৰ মৰা লেখীয়া নকৰিব। উপনিৱেশিক ৰাজনীতিৰ যুঁৱলি কান্ধত লৈ ক্রীতদাসৰ নিচিনা পৰাধীন অসম-নাগালেণ্ড কেতিয়াও আমাৰ কাম্য নহয়।
তথাকথিত স্বাধীনতাৰ প্ৰাকক্ষণৰ পৰাই পুনৰাই এই ভূখণ্ডৰ সাৰ্বভৌমত্ব উদ্ধাৰৰ হেতুকে পৰাধীনতাৰ গ্লানি সহিব নিবিচৰা স্বাধীনচেতীয়া সাৰ্বভৌমত্বৰ আকাংক্ষী পশ্চিমা-দক্ষিণ পূব এছিয়া অঞ্চলৰ থলগিৰি জনগণে ৰণাংগনত জপিয়াই পৰিছিল। ১৯৪৫ চনৰ ২১, ২২, ২৩ মাৰ্চত শ্বিলঙৰ খাচী দৰবাৰত তেতিয়াৰ অবিভক্ত অসম, মণিপুৰ, ত্ৰিপুৰা আৰু পাহাৰ ভৈয়ামৰ জনজাতি-জনগোষ্ঠী সমূহৰ অধিৱেশনত লোৱা সিদ্ধান্ত মৰ্মে ৪নং প্রস্তৱটো এনেধৰণৰ আছিল- “যিহেতু ঐতিহাসিক পাহাৰ মালাৰে সৈতে মূল অসম কাহানিও ভাৰতৰ অংশ বা অংগৰাজ্য নাছিল, তদুপৰি অসমৰ মানুহ আৰু ইয়াৰ বাসিন্দা জাতি-জনজাতিসমূহ নৃগোষ্ঠীগত আৰু সাংস্কৃতিকভাৱে ভাৰতৰ আন মানুহতকৈ সুকীয়া। গতিকে এই অভিৱৰ্তনখনে সজোৰে মতপোষণ কৰে যে, অসম আৰু জনজাতীয় অঞ্চলসমূহক পাকিস্তান বা হিন্দুস্তান, ভাৰতৰ এই দুই প্ৰস্তাৱিত খণ্ডৰ যিকোনো এটাতে চামিলকৰণৰ বিৰোধিতা কৰে। লগতে এই অভিৱৰ্তনে দাবী কৰে যে, অসম হোৱা উচিত এখন পৃথক স্বাধীন ৰাষ্ট্ৰ আৰু ইয়াৰ চুবুৰীয়া পাহাৰীয়া জিলাবোৰ তাৰেই অন্তর্ভুক্ত কৰা হওক।” আজি এই অঞ্চলৰ প্রত্যেকটো জাতিয়ে স্বাধীনতাৰ দাবীত সংগ্ৰামত অৱতীৰ্ণ হোৱাটোৱে ১৯৪৫ চনৰ সেই ঐতিহাসিক সিদ্ধান্তৰ যুক্তি যুক্ততাকে পুনবাৰ প্ৰতিপন্ন কৰিছে।
বৃটিছ দখলাধীন ভাৰতবৰ্ষৰ তথাকথিত স্বাধীনতাৰ প্রাক্কালত মহাত্মা গান্ধীৰ অভয় বাণী আছিল- “অসমে সম্পূর্ণ স্বাধীনভাৱে নিজা শাসন ব্যৱস্থাৰে পৰিচালিত হৈ থাকিব [Assam must be totally independent and autonomously governed]।’’ তদানীন্তন এন এন চিৰ সজাতী দলক ১৯৪৭ চনৰ ১৯ জুলাইত গান্ধীয়ে এইবুলি আশ্বাস দিছিল- “নগাৰ স্বকীয় বুৰঞ্জী আৰু স্বাধীন হোৱাৰ পূৰ্ণ অধিকাৰ আছে৷ আপোনালোকে যদি ভাৰতৰ লগত থাকিব নিবিচাৰে, তেন্তে কোনেও আপোনালোকক শক্তি প্রয়োগ কৰিব নোৱাৰে।” কিন্তু পৰিৱৰ্ত্তিত পৰিস্থিতিত উপনিৱেশিক ভাৰতৰাষ্ট্ৰই সংবিধান, সার্বভৌমত্ব তথা অখণ্ডতাক দোহাই দি ভূৱা স্বাধীনতাৰ নামত এই অঞ্চলৰ গৌৰৱোজ্বল স্বাধীনতাক মৰ্যদা প্ৰদান নকৰি মাথোঁ ন্যায্যপ্রাপ্য অধিকাৰৰ পৰা সমূলি বঞ্ছিত আৰু প্ৰতাৰণাহে কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত হেৰুৱা স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ বাবে ‘সন্মিলিত জাতীয় মুক্তি বিপ্লৱ’ৰ গত্যন্তৰ নাই।
সেয়েহে, প্ৰতি বছৰে অসম, নাগাভূমি, মনিপুৰ, ত্ৰিপুৰা, মেঘালয়ত ইয়াক পালন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ। এইবেলিও অসম আৰু নাগালেণ্ডৰ উপৰিও মনিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ কাৰ্য্যক্রমনিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ।
উপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ ভুৱা স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্যতম হ’ব ১৫ আগষ্টৰ 00:00 বজাৰ পৰা ১৮:০০ বজালৈ সর্বাত্মক বন্ধ। অৱশ্যে এই সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ বাহাল থকাত কোনো বাধা নিষেধ প্রদান কৰা হোৱা নাই ।
সদৌশেষত, অসম তথা নাগাভূমিৰ থলগিৰি জাতি-জনগোষ্ঠীৰ সুৰক্ষিত সোণোৱালী সুদিনৰ হেতুকে উপৰোক্ত বন্ধ সাফল্যমণ্ডিত কৰি জাতি-মাটি-ভেটি উপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ হিন্দী বলয়ৰ আগ্ৰাসনৰ পৰা বিপদ মুক্ত কৰোঁ আহক।