
অমৰ মৃতক জ্ঞান অসম
প্রকৃত বিপ্লৱীৰ বাবে আত্মসমর্পনতকৈ ডাঙৰ গ্লানি একো থাকিব নোৱাৰে। তেনে গ্লানিৰ ওচৰত শিৰণত নকৰি যোৱা ইংৰাজী ১/০৭/২০২২ তাৰিখে দিনৰ প্ৰায় ১.৩০ বজাত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]”ৰ বিৰুদ্ধে ঔপনিৱেশিক ভাৰতীয় দখলদাৰি বাহিনী আৰু অসম আৰক্ষীয়ে চলোৱা সামৰিক অভিযানত প্রকৃত বিপ্লৱীৰ চূড়ান্ত নিদর্শন দাঙি; গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰা ২য় লেফটেনেন্ট [মৰণোত্তৰ] জ্ঞান অসম ওৰফে সন্তোষ গগৈ [জন্ম-২৩/০৪/১৯৯৩, পিতৃঃ- শ্ৰীযুত ধন্য গগৈ, মাতৃঃ- শ্ৰীযুতা ফুলমতী গগৈ, গাঁওঃ- বছাগাঁও, ডাকঘৰঃ- ন-শদিয়া, থানাঃ-ন-শদিয়া, জিলাঃ- তিনিচুকীয়া], সৈনিক নং-২০৫৬৮/২০১৪ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা “অমৰ মৃতক” ঘোষণা কৰা হ’ল।
অসমৰ সন্মিলিত স্বাধীনতাৰ জাতীয় মুক্তি বিপ্লৱখনৰ তেজে ধোৱা পথত তেখেতৰ অৱদান আৰু আত্মত্যাগে নতুন প্রজন্মৰ সংগ্রামী সতীর্থক যুগে যুগে অনুপ্রাণিত কৰিব। আমি “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে অমৰ মৃতক ‘২য় লেফটেনেন্ট [মৰণোত্তৰ] জ্ঞান অসম’ৰ পৰিয়াল বর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি তেখেতৰ সর্ব্বোচ্চ ত্যাগ অথলে যাবলৈ নিদিয়াৰ দৃঢ় সংকল্প পুনৰ ব্যক্ত কৰিলোঁ।
অমৰ মৃতক ঘোষণা প্রদানত,